The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়
মুছলমান লোকৰ হিন্দু মহিলাৰ সৈতে দ্বিতীয় বিবাহ অবৈধ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়। বিশেষ বিবাহ অধিনিয়ম মতে মান্যতা দিয়া নহয় এই বিবাহক। ইছলামিক আইন মতেও মান্যতা নাই এই বিবাহৰ। মুছলমান লোকে দ্বিতীয় বিবাহ কৰা এগৰাকী হিন্দু মহিলাৰ আবেদনৰ ভিত্তিত এই ৰায়। ন্যায়াধীশ কল্যান ৰায় সুৰানাৰ বিচাৰপীঠৰ এই ৰায়দান। মহিলাগৰাকীয়ে স্বামীৰ মৃত্যৰ পিছত স্বামীগৃহৰ পৰা সা-সুবিধা বিচাৰি কৰিছিল আবেদন। মহিলাগৰাকীৰ হাতত ইছলামলৈ পৰিৱৰ্তিত হোৱাৰ কোনোধৰণৰ তথ্য নাছিল। সেয়ে এই বিবাহক অবৈধ বুলি মহিলাগৰাকীৰ আবেদন খাৰিচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।