On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
জলপৰিবহন বিভাগ তথা ব্ৰহ্মপুত্ৰ নদীৰ বিপদ সংকুল যাতায়ত ব্যৱস্থাৰ উন্নীতকৰণৰ দাবীত আছুৰ স্মাৰক পত্ৰ প্ৰদান
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলিগুৰিৰ পৰা শিয়ালমাৰী বামুন্দী চৰলৈ আৰু টাঙোনমাৰীৰ পৰা খালেকমাৰা লৈ সংযোগী জলপথৰ ওপৰেৰে কেৱাখনো ব্যক্তিগত ইঞ্জিন যুক্ত নাওঁ চলাচল কৰি আহিছে। লক্ষণীয় ভাৱে এই ভুটভুটী নাওঁ সমূহত জনসাধাৰণে যথেষ্ট বিপদ সংকুল ভাবে যাতায়ত কৰিব লগীয়া হৈছে। হাজোৰ চৰাঞ্চলৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ ওপৰেৰে যাত্ৰী কঢ়িওৱা এনে নাওসমূহত কোনো ধৰণৰ লাইফ জেকেট তথা লাইফ বয়ৰ সু ব্যৱস্থা নোহোৱাৰ উপৰিও যাত্ৰী সকলৰ বাবে নাথাকে টিকটৰ কোনো ব্যৱস্থা। এনে ক্ষেত্ৰত হাজোত ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল কৰি অহা ভুটভুটী নাওঁ সমুহত প্ৰয়োজনীয় সু ব্যৱস্থা কৰাৰ দাৱীত আৰু এনেধৰণৰ নাওঁ সমূহে কোনো ধৰণৰ চৰকাৰী নীতি নিয়ম পালন নকৰাৰ গুৰুতৰ অভিযোগ তুলি আজি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই হাজো ৰাজহ বিষয়াৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্ত লৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।