On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সাংসদ গৌৰৱ গগৈ
পবিত্ৰ ভাদ মাহত গুৰুজনৰ চৰণত সেৱা জনোৱাৰ অৰ্থে কলিয়াবৰ সাংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হয় ভাদমহীয়া পালনামত। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত সাংসদগৰাকীয়ে নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনা চৰকাৰৰ হেমাহীৰ ফলতে সংঘটিত হৈছে বুলি মন্তব্য কৰি কেৱল মিডিয়াক সন্তুষ্ট কৰিবলৈহে চৰকাৰখনে কেইগৰাকীমান বিষয়া কৰ্মচাৰীক নিলম্বন অথবা অনান্য চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে বুলি মন্তব্য কৰে। ইপিনে উপ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষকৈ থাওৰা আৰু মৰিয়নি সমষ্টিত পুনৰ কংগ্ৰেছৰে জয় হ’ব বুলি সদৰি কৰিছে। বিজেপি চৰকাৰৰ নিজৰ কৰ্মীৰ ওপৰত আত্মবিশ্বাস নাই বাবে মন্ত্ৰীৰদ্বাৰা বিগত কেইদিনত উক্ত সমষ্টিকেইটাত বিভিন্ন আঁচনি আধাৰশিলা স্থাপন কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলিও মন্তব্য কৰিছে সাংসদগৰাকীয়ে। লগতে এতিয়াও কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় হৈ আছে যাৰ বাবে উপনিৰ্বাচনত কংগ্ৰেছেই জয়ী হ’ব বুলি আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।