In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ নৱ শৰণীয়াৰ
ৰাজ্যত উপ- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰি আহিছে সভা-সমিতি৷ তামুলপুৰত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি পৰিষদৰ মিত্ৰতাকলৈও মন্তব্য কৰে৷ দলৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ কুমাৰ ডেকাক তেওঁ কয় যে, ‘গণ সুৰক্ষা পাৰ্টিক বিটিআৰ পৰিষদৰ পৰা অব্যাহতি দিলে কোনোকালেই গোবিন্দ বসুমতাৰী জিকিব নোৱাৰে। যিদিনাই বিটিআৰত গণ সুৰক্ষা পাৰ্টি আৰু নৱ কুমাৰ শৰণীয়া নাথাকিব সেইদিনাই কোকৰাঝাৰত ইউপিপিএলে প্ৰৱেশ কৰিব নোৱাৰিব আৰু সেইদিনাই খেদা খাব’ বুলি তেওঁ মন্তব্য কৰে।