A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
দুমাহ পিছত জে’লৰ পৰা ওলাল ৰাজ কুন্দ্ৰা
পৰ্ণগ্ৰাফীৰ গোচৰত যোৱা ২ মাহ ধৰি কাৰাগাৰত থকা শিল্পা চেট্টী ৰ স্বামী ৰাজ কুন্দ্ৰা ক জামিন প্ৰদান। সোমবাৰে মুম্বাইৰ দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে তেওঁক। আজি কাৰাগাৰৰ পৰা ওলাই আহে ৰাজ কুন্দ্ৰা। মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেট এছ বি ভাজিপালে ৫০,০০০ টকাৰ বণ্ডত কুন্দ্ৰাৰ জামিন আবেদন গ্ৰহণ কৰে। পুৱা মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত ন্যায়িক জিম্মাত আছিল ৰাজ কুন্দ্ৰা।