A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰৰ নতুন SOP
আহল বহল হ’ব লাগিব পুজা মণ্ডপ৷ প্ৰৱেশ আৰু প্ৰস্থান হ’ব লাগিব বেলেগ৷
পুজা মণ্ডপ সন্দেহজনক হ’লে জিলা প্ৰশাসনে টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব।
স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে লব লাগিব এপালি ভেকচিন।
প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন কৰি অহা পূজা কমিটী/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব লাগিব।
জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক’ভিড বিধি পালন কৰি দুৰ্গা পূজা আয়োজন কৰিব পাৰিব।
একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাস দিব লাগিব।