Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ধেমাজিত হোৱা কেবিনেট বৈঠক সমাপ্ত।বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ প্ৰকাশ কৰে৷
বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আজিলৈ অ’বিচি চাৰ্টিফিকেটসমূহ অ’বিচি ব’ৰ্ডে ইমানদিনে দি আছে।অ’বিচিৰ চাৰ্টিফিকেট যাতে জনগোষ্ঠীটোৰ ব’ৰ্ডে দিব পাৰে তাৰ ব্যৱস্থা হাতত লোৱা হৈছে।ধেমাজি জিলাত দুটা ট্ৰাইবেল বেল্ট আৰু ব্ল’ক আছে।এই দুয়োটা ট্ৰাইবেল বেল্ট এণ্ড ব্ল’কত এতিয়াৰে পৰা তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি-বাৰী কিনা-বেচা কৰিব পাৰিব।চৰ্ত এটাই যে তেওঁলোকে এই বেল্ট এণ্ড ব্ল’কত ২০১১চনৰ আগতেই ছেটেল কৰা ব্যক্ত হ’ব লাগিব।চিচি টঙনীত নতুন ট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক আমি বনালো।ইয়াৰ পৰা ধেমাজিত ৰাইজ উপকৃত হ’ব বুলি আশা কৰিলো।২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা।তাৰ পৰিপ্ৰেক্ষিতত ৰাজহ চক্ৰ বিষয়া-কৰ্মচাৰীসকলক মিছন বসুন্ধৰা শেষ নোহোৱালৈ আন কামত ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে।ডিব্ৰুগড় আৰু শিলচৰৰ মিউনিচিপালটী ব’ৰ্ডবোৰ এতিয়াৰ পৰা মিউনিচিপালটী ক’ৰ্পৰেচন হ’ব।হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ ভুক্তভোগী কৰ্মী আৰু লিকুইডিটৰৰ বাবে ৭০০ কোটি টকাৰ পেকেজ কেবিনেটত মঞ্জুৰি দিয়া হৈছে।
তাৰপাছত দুয়োটা কাগজ কলৰ ৪৭০০ বিঘা মাটি অসম চৰকাৰৰ হ’ব।মাইক্ৰ’ফাইনেন্স লোণ ৰেহাইৰ ১১ লাখ লোকৰ বাবে ১৮০০ কোটি টকা অনুমোদন কৰা হৈছে।ডিচেম্বৰৰ ১ তাৰিখৰ পৰা প্ৰদান কৰা হ’ব চেক ।
ধেমাজিৰ ইন্টিগ্ৰেটেড ডিচি কাৰ্যালয়টোৰ বাবে ৫০ কোটি টকা অনুমোদন দিয়া হৈছে।ধেমাজিত উন্নত মানৰ ষ্টেডিয়াম হ’ব।তাৰ বাবেও ৫০ কোটি টকা অনুমোদন দিয়া হৈছে।জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে হ’ব এটা পথ।জোনাই, ধেমাজি, মাজুলী, ঢকুৱাখনা চাৰিওটা সমষ্টি সামৰি ল’ব।ইয়াৰ বাবে ১৮৩ কোটি টকা ব্যয় কৰা হ’ব।ধেমাজিত বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা অনুমোদন কৰা হৈছে।ধেমাজিত হ’ব এখন মেডিকেল কলেজ । ব্যয় হ’ব প্ৰায় ৫৫০ পৰা ৬০০ কোটি টকা।