Two people lost their lives and three others sustained injuries when massive rocks slid and…
নাগালেণ্ডত ছমাহলৈ বৃদ্ধি ‘আফস্পা’
নাগালেণ্ডত গৃহ মন্ত্ৰালয়ে আফস্পা (AFSPA) আইনৰ সময় ছমাহলৈ বৃদ্ধি অৰ্থাৎ ২০২২ বৰ্ষৰ জুন মাহলৈকে প্ৰযোজ্য হ’ব বুলি সদৰী কৰে। আফস্পাৰ অধীনত সৈনিকসকলে বহুতো বিশেষাধিকাৰ উপভোগ কৰে যেনে ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰা আৰু সন্দেহজনক ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাৰ আৰু অনুসন্ধান কৰাৰ অধিকাৰ, সন্দেহজনক ব্যক্তি এজনৰ ওপৰত গুলী চালনা কৰাৰ অধিকাৰ। যদি সেই গুলীৰ ফলত কাৰোবাৰ মৃত্যু হয়, সৈনিকজনক হত্যাৰ বাবে বিচাৰ কৰিব নোৱাৰি। এই আইনৰ অধীনত সংশ্লিষ্ট সেনা বিষয়াৰ বিৰুদ্ধে কোনো তদন্ত বা আইনী ব্যৱস্থা ল’ব পৰাৰ ব্যৱস্থা নাই৷