A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
পুনৰ উত্তপ্ত অসম মিজোৰাম সীমান্ত
পুনৰ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্ত। সীমান্তৱৰ্তী কচুৰথলত পুনৰ উত্তেজনাময় পৰিবেশ। নিশা আন্ত:ৰাজ্য সীমান্তত থকা ভাইছেৰা বিঅ’পিৰ সমীপত সংঘটিত হয় বিষ্ফোৰণৰ ঘটনা। জিলেটিন ষ্টিক ব্যবহাৰ কৰি বিষ্ফোৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বিষ্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মিজো আই আৰ ব্যাটেলিয়নৰ এক জোৱানক।