A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম
প্রতি দিনে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম। সাধাৰণ জনতাৰ মূৰত মাধমাৰ। শনিবাৰে পুনৰ মূল্য বৃদ্ধি কৰিলে চৰকাৰী তেল সংস্থাসমূহে। আজিৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ৩৫ পইচা দাম বৃদ্ধি পাইছে। ফলত ৰাজধানী চহৰত পেট্ৰ’লৰ দাম হৈ পৰিল ১০৮.৯৯ টকা। পেট্ৰ’লৰ লগতে ডিজেলতো বাঢ়িল ৩৫ পইচা। ইয়াৰ ফলত দিল্লীত ডিজেলৰ দাম হ’লগৈ ৯৭.৭২ টকা। দেশৰ বহু চহৰত পেট্ৰ’ল ১২০ টকাত বিক্ৰী হৈ আছে। গুৱাহাটীত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছে ১০৫.৪৭ টকা।