In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
ফটকা অবিহনে ৰাজ্যবাসীয়ে পালন কৰিব লাগিব দীপাৱলী।
দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (PCB) ৰাজ্যখনত গ্ৰীন ফটকাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে।ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)ৰ নিৰ্দেশনা অনুসৰি উৎসৱৰ বতৰত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে দিয়া এই নিৰ্দেশ পৰৱৰ্তী অধিসূচনা জাৰি নকৰালৈকে কাৰ্যকৰী হৈ থাকিব।অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সভাপতি অৰূপ কুমাৰ মিশ্ৰই কয় যে ৰাজ্যিক প্ৰদূষণ সংস্থাটোৱে ৰাজ্যখনৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককো নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰিবলৈ কৈছে।পিচিবিয়ে ৰাজ্যিক আৰক্ষীক আতচবাজীৰ যোগান বন্ধ কৰিবলৈ ব্যৱস্থা ল’বলৈও কৈছে।এইক্ষেত্ৰত আৰক্ষীয়ে অবৈধ আতচবাজী জমা কৰা লোকসকলক আটক কৰিব।