The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
ভ্ৰাম্যমান নাট প্ৰদৰ্শনী আৰম্ভ।
শুক্ৰবাৰে মন্ত্ৰী কেশৱ মহন্তই এক সংবাদ মেল সম্বোধন কৰে।
প্ৰায় ২বছৰৰ পিছত অসমত আজিৰে পৰাই ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান নাট প্ৰদৰ্শনী আৰম্ভ হয়।প্ৰতিগৰাকী শিল্পী কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল’ব লাগিব ক’ভিডৰ দুয়োপালি প্ৰতিষেধক ।প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ।কণ্টেইনমেণ্ট জ’ন বা অধিক সংক্ৰমণ হোৱা ঠাইত ভ্ৰাম্যমান নাট প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ’ব ।প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব ।প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ মজুত ৰাখিব লাগিব ।প্ৰতিজন দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । মাস্ক নিপিন্ধাকৈ অহা দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত মাস্ক মজুত ৰাখিব লাগিব ।নাট্য প্ৰদৰ্শনী সান্ধ্য আইনৰ আগতে সমাপ্ত কৰিব লাগিব ।যদি ক’ভিড সংক্ৰমণ ব্যাপক হয় বা ইয়াতকৈ পৰিস্থিতি ভাল হয় তেনেহ’লে নীতি-নিৰ্দেশনা সলনি কৰা হ’ব ।ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিডৰ নিয়মাৱলী সন্দৰ্ভত দৰ্শকক আয়োজক সমিতিয়ে সজাগ কৰিব লাগিব ।