Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ পিষ্টল চুৰি কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ
কামাখ্যাত পূজা দিবলৈ অহা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াগৰাকী ৰে’লেৰে কলকাতালৈ ঘূৰি যোৱাৰ সময়তে বুধবাৰে পুৱা কোচবিহাৰ ষ্টেচনত নিৰাপত্তাৰক্ষীগৰাকীৰ পৰা চোৰে লুটি নিয়ে টকা, দুটা পিষ্টল আৰু মোবাইল ফোন। কোচবিহাৰ ষ্টেচনত থকা চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে দীপক সাহা নামৰ এগৰাকী ড্ৰাগছ মাফিয়াক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে আৰু দীপক সাহাই তপন বৰ্মন নামৰ অসমৰ কোকৰাঝাৰ জিলাৰ এগৰাকী অপৰাধীয়ে এই চুৰি কাৰ্য সংঘটিত কৰাৰ কথা কয়। বৃহস্পতিবাৰে পুৱাই অসম আৰক্ষীৰ সহযোগত পশ্চিম বংগ আৰক্ষীয়ে অসমৰ কোকৰাঝাৰত অভিযান চলাই তপন বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে মোবাইল ফোন, পিষ্টল আৰু নগদ ধন।