The Gauhati High Court has instructed the Assam government to submit an affidavit within two…
মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম ‘জ্ঞানস্ৰোত’ মুকলি
মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম ‘জ্ঞানস্ৰোত’ মুকলি। প্ৰথম পৰ্যায়ত ৯ টা ভাষাত উপলব্ধ। সমগ্ৰ দেশৰ ২৩ খন ৰাজ্য, ৪খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৪ খন শিক্ষা পৰিষদক সামৰি লৈছে “জ্ঞানস্ৰোত”এ। অসমৰ পৰাই আৰম্ভ হ’ব ই-লাৰ্নিঙৰ এই নতুন যাত্ৰা। ছেবাৰ বাবে ‘জ্ঞানস্ৰোত’ ত তিনিটা ভাষা উপলব্ধ হ’ব। নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম সামৰি লোৱা হৈছে। দ্বিতীয় পৰ্যায়ত মাৰাঠী ভাষাত উপলব্ধ হ’ব ‘জ্ঞানস্ৰোত’। পৰৱৰ্তী পৰ্যায়ত দেশৰ সকলো স্থানীয় ভাষাত উপলব্ধ হ’ব এই এপ’। বৰ্তমান ই-লাৰ্নিঙ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ইংৰাজীত সাজু কৰা হৈছে। ২০২২ চনৰ ভিতৰত বাকী থকা ৬খন বোৰ্ড সামৰি ল’ব এই এপে’। জ্ঞানস্ৰোত মুকলি কৰে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে।