skip to Main Content

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিথি উপলক্ষে বটদ্ৰৱা থানত ধিং এক্সপ্ৰেছ হিমা দাস

  • Assam


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত সেৱা ল’য় ধিং এক্সপ্ৰেছ হিমা দাসে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত গুৰু কীৰ্তন হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে। ধৰ্মীয় পৰম্পৰাৰে তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান বটদ্ৰৱা থানত।

Back To Top