On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট
মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছ মাজুলী জিলা সমিতিয়ে আজি জিলা সদৰ গড়মূৰত পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে সদৰ তিনিআলিত পালন কৰে এই অৱস্থান ধৰ্মঘট। অৱস্থানকাৰী সকলে সন্মুখত গান্ধীৰ আলোকচিত্ৰ, হাতে হাতে প্লে কাৰ্ড লৈ, দাবী সম্বলিত বেনাৰ লৈ সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে সাব্যস্ত কৰে এই প্ৰতিবাদ। যোৱা আঠ ছেপ্টেম্বত ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা ফেৰী দুৰ্ঘটনাৰ উচিত তদন্ত বিচৰাৰ লগতে ৯ ছেপ্টেম্বৰত গৰমূৰৰ সদৰত মাজুলীৰ ছাত্ৰ সমাজে স্বতঃ ফুতঃ ভাবে ওলাই গণতান্ত্ৰিক দাবী সাব্যস্ত কৰাৰ সময়ত নিৰিহ প্ৰতিবাদ কাৰিৰ ওপৰত লাঠি চালনা কৰি কেইবাগৰাকী প্ৰতিবাদ কাৰীক আহত কৰা কাজ্যক গভীৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদ কাৰী সকলে লগতে লাঠি চালনাৰ আদেশ দিয়া প্ৰশাসনৰ বিষয়াৰ ওপৰত শাস্তিৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰি সকলে মাজুলী জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে দহ দফীয়া এখন স্মাৰক পত্ৰ।