On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
মানাহ ৰাষ্ট্ৰীয় উদ্যানত এক হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জৰ অন্তৰ্গত মানাহ মাউজীগেন্দ্ৰী ইক’ট্যুৰিজিম ছ’চাইটিৰ নিকটৱৰ্তী টেকলাই পথৰ ওচৰত আজি এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হয়। বন বিভাগৰ এটা তহলদাৰী দলে হাতী পোৱালিটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰি চিকিৎসকক অৱগত কৰে৷ প্ৰায় ৩/৪ বছৰ বয়সৰ দতাল হাতীটোৰ পেলু হোৱাৰ ফলতেই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্মৰত বিষয়া ধৰণীধৰ বড়োয়ে জানিব দিয়ে যে চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত পাকস্থলীত অজস্র পেলু পৰিলক্ষিত হয়। বনৰ বিভিন্ন খাদ্য গ্ৰহণ কৰি পেলু হোৱাৰ ফলতেই হাতীৰ পোৱালিটো বেমাৰত ভূগী মৃত্যু হয়।