The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলিনা বৰগোহাঁইক আজি অসম আৰক্ষীৰ DSP পদত নিযুক্তি দিয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিৰেই গুৱাহাটীৰ এটা পথ লাভলিনাৰ নামত নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে আকৌ মন্তব্য কৰে যে, অসম চৰকাৰৰ খালী পদ সমূহত ৰাজ্য অথবা দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা বা পদক লাভ কৰা সকলক নীতি অনুসৰি আমি নিযুক্তি প্ৰদান কৰিম বুলি ঘোষণা কৰে। অসমৰ খেলুৱৈসকলে যাতে প্ৰশিক্ষণৰ বাবে পাটিয়ালালৈ যাব নালাগে তাৰ বাবে অসমত থাকি প্ৰশিক্ষণ লোৱাৰ বাবে অন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক অনাৰ বাবে চৰকাৰে চেষ্টা কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।