Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে
গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত অহা ২৪ জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰিব অসম সৌৰভ বঁটা।সেই অনুসৰি অসম চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে নিমন্ত্ৰণী পত্ৰ দিবলৈ বৃহস্পতিবাৰে নিশা লাভলীনা বৰগোহাঁইৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।প্ৰথমবাৰৰ বাবে অসম চৰকাৰে প্ৰদান কৰিব ‘অসম সৌৰভ বঁটা’ এইবাৰ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ব।