A criminal has succumbed to his injuries after facing the heat of angry locals at…
‘শিক্ষকসকলক মানসিক চাপ দিয়া হৈছে’- ৰিপুন বৰা
আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিস্ফোৰক অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷ তেওঁৰ মতে শিক্ষকসকলৰ ওপৰত অন্যায় কৰা হৈছে চৰকাৰে সমাজৰ মেৰুদণ্ড স্বৰূপ শিক্ষকক গিনিপিক সজাইছে। চৰকাৰে উন্মোচন কৰা ‘ৰিমছ এপ’ৰ দৰে ডিজিটেল ব্যৱস্থাৰ জৰিয়তে প্ৰধান শিক্ষকৰ পদমৰ্যাদাত আঘাত হনা হৈছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে৷ আনহাতে, টেট পৰীক্ষাৰ বিসংগতিৰ ওপৰতো মন্তব্য কৰে সাংসদগৰাকীয়ে৷ সাংসদগৰাকীৰ মতে, টেট পৰীক্ষাৰ পুনৰীক্ষণ কৰিব লাগে৷