Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা!
চলিত বৰ্ষতে নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক, ৩১ মাৰ্চৰ ভিতৰত শেষ হ’ব নিযুক্তি প্ৰক্ৰিয়া- আজি দিছপুৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত পঠন অভিযান আৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই গুৰুত্বপূৰ্ণ ঘোষণা। পঠন অভিযানৰ শুভাৰম্ভণি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে টেট নিযুক্তিতো কোনো ধৰণৰ বিসংগতি হোৱা নাই বুলি প্ৰকাশ কৰাৰ লগতে ক’ভিডৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ সম্ভাৱনাকো নাকচ কৰে। ১জানুৱাৰীৰ পৰা কিতাপ পঢ়াৰ সংকল্পৰে সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে পঠন অভিযান। কিতাপ পঢ়াৰ গুৰুত্ব বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই অভিযান।শিক্ষামন্ত্ৰীয়ে নিজেও ১জানুৱাৰীৰ পৰা সময় উলিয়াই কিতাপ পঢ়াৰ সংকল্প লোৱাৰ কথা প্ৰকাশ কৰে। নতুন শিক্ষানীতিৰ জড়িয়তে মাতৃভাষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ শিক্ষামন্ত্ৰী গৰাকীৰ।