Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
সন্ধানহীন এটি কিশোৰ
দুদিন ধৰি সন্ধানহীন হৈ আছে কামপুৰৰ ৰহা থানাৰ অন্তুৰ্গত এজন বাৰ বছৰীয়া কিশোৰ। উল্লেক্ষ যে কাকতি গাঁও হাতীমুৰাৰ আব্দুল ছালামৰ পুত্ৰ ছাদিকুল ইছলাম নামৰ যুৱকজন ঘৰত খেলি থকাৰ পিছতে সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকে জানিব দিছে। প্ৰায় দুদিন ধৰি কিশোৰ টি নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও সন্ধান উলিয়াব নোৱাৰি উপায় হীন হৈ পৰিয়ালটিয়ে সংবাদ মাধ্যমৰ যোগেদি ৰাইজক অনুৰুধ জনাইছে যাতে কোনো লোকে সন্ধান পালে 6002386457 অথবা 8822433539 নম্বৰ দুটাত যোগাযোগ কৰে।