Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
সুধাকণ্ঠ ৯৫ সংখ্যক জন্মবাৰ্ষিকী।
সুধাকণ্ঠ, ভাৰতৰত্ন, ড০ ভূপেন হাজিৰকাৰ আজি ৯৫ সংখ্যক জন্মবাৰ্ষিকী। এই ওপজা দিনটোত শিল্পীগৰাকী সমগ্ৰ অসমবাসীয়ে গীত-মাত-কথাৰে তেওঁক স্মৰণ কৰিব। শিল্পীগৰকাৰীৰ গুণমুগ্ধ তথা অনুৰাগীসকলে তেওঁৰ এই জন্ম বাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে পালন কৰিছে।পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈছে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰে।
উল্লেখ্য যে ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মৃত্যুৰ পিচৰে পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে তেওঁৰ জন্ম দিনটোক সমন্বয় দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰো ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত অনুষ্টুপীয়াকৈ পালন কৰিছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিনটো।
একেদৰে জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে সুধাকণ্ঠলৈ দীঘলীপুখুৰী পাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাই গোটেই দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰে শিল্পীগৰাকীক।