Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
হোমেন বৰগোহাঞিৰ জন্মদিনত সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠান
শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় বৰেণ্য সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্ম দিৱস আৰু ২০২১ বৰ্ষৰ সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে শিক্ষা মন্ত্ৰী ৰনোজ পেগু, অজন্তা নেওগৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। অনুষ্ঠানত বহু কেইজন বিশিষ্ট লেখকক সাহিত্যিক পেঞ্চন বঁটা প্ৰদান কৰা হয় আৰু লগতে বিশিষ্ট অভিনেতা তপন দাসকো এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে বৰেণ্য সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ জন্ম দিনটো যাতে আমি পাহৰি নাযাওঁ সেয়ে হোমেন বৰগোহাঞিৰ জন্ম দিন ৭ তাৰিখৰ দিনাই সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব দিয়ে।