Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন
১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। তেখেতৰ জন্মদিন উপলক্ষে জালুকবাৰী সমষ্টিত ব্যাপক উছাহ উদ্দীপনা।তিনিদিনীয়াকৈ পাণ্ডু-মালিগাঁৱৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰিব। ইতিমধ্যে বিভিন্ন ৰঙী লাইট, বেনাৰ-পোষ্টাৰৰে সজোৱা হৈছে অঞ্চলটো। মুখ্যমন্ত্ৰীৰ জন্মদিনটোৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হাতত লৈছে সমষ্টিটোৰ ৰাইজে। মুখ্যমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি পুৱাই এক চাফাই অভিযান চলাই অঞ্চলটোৰ ৰাইজে। পাণ্ডুৰ পৰা আদাবাৰী অঞ্চললৈ বৃক্ষৰোপনৰো এক কাৰ্যসূচী হাতত লৈছে। সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ৰেষ্টকেম্প কালিবাৰীত যজ্ঞ ৰখা হয়। যজ্ঞত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী।