Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদ মেল।
ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি এই সংবাদ মেল।ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাদেই সম্বোধন কৰে এই সংবাদ মেল।উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোট গ্ৰহণ।ভোট গ্ৰহণৰ সময়ত কোভিড-১৯ ৰ কঠোৰ বিধি মানি চলা হ’ব।সকলোৱে কোভিড-১৯ৰ বিধি মানি চলিব লাগিব।মনোনয়নৰ সময়ত সমদল বা ৰাজহুৱা সভা কৰিব নোৱাৰিব।ভৱন বা তেনেধনৰণ বন্ধ স্থানত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মুঠ আসনৰ বিপৰীতে ৩০ শতাংশ লোক উপস্থিত থাকিব পাৰিব।ৰ’ড শ্ব’ কৰিব নোৱাৰিব।বাইক, চাইকেল আদিৰ ৰেলী নিষিদ্ধ।ঘৰে ঘৰে অতি বেছি ৫ জন লোকে হে প্ৰচাৰ চলাব পাৰিব।ভোট গ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ কাৰ্য সামৰিব লাগিব।ভোটাৰে ভোট গ্ৰহণ কেন্দ্ৰলৈ মাস্ক পৰিধান কৰি আহিব লাগিব।কোনো ব্যক্তিয়ে মাস্ক পৰিধান নকৰিলে নিৰ্বাচন আয়োগে মাস্ক যোগান ধৰিব।নিশা ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কোনেও প্ৰচাৰ কৰিব নোৱাৰিব।যিবোৰ ভোট কেন্দ্ৰত ১০০০ ৰ অধিক ভোটাৰ থাকিলে অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হ’ব।