Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ৰাস মহোৎসৱৰ দিনাই কামপুৰত সংঘটিত হল শোকাৱহ দুৰ্ঘটনা।
ৰাস উৎসৱৰ আনন্দৰ মাজতেই কামপুৰত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা।কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৰাস নাচিবলৈ আহি মৃত্যু মুখত পৰিল এগৰাকী ছাত্ৰী। মৃত্যু হোৱা ছাত্ৰীগৰাকী কামপুৰ মহগৰীয়াআটিৰ মাম্পী বৰা বুলি জানিব পৰা গৈছে। মাম্পী কামপুৰ মাধৱ কন্দলী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী।উল্লেখযোগ্য যে ৰাস নাচিবৰ বাবে দেউতাকৰ লগত ৰাসলৈ স্কুটিৰে আহি থাকোতেই তীব্ৰ বেগত অহা ডাম্পাৰে মহতিয়াই নিয়ে স্কুটিখন।দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ এ এছ ০২ চি চি ৫৩৫৭ । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখন এৰি চালকজনে পলায়ন কৰে।