অসমত অহা ২৭ নৱেম্বৰৰ ভিতৰত ১০০ শতাংশ যোগ্য লোকক কমেও এপালিকৈ ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সফলতাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে ৮ নৱেম্বৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাত ‘ঘৰে ঘৰে পদাৰ্পণ’ শীৰ্ষক বিশেষ কাৰ্যসূচী চৰকাৰে হাতত লৈছে।