প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ প্ৰতিবাদ।
কাহিলীপাৰৰ সৰ্বশিক্ষা অভিযান মিচনৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ। সাব্যস্ত কৰিলে ২০১৯ বঞ্চিত প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিয়ে।
কাহিলীপাৰৰ সৰ্বশিক্ষা অভিযান মিচনৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ। সাব্যস্ত কৰিলে ২০১৯ বঞ্চিত প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিয়ে।
ৰাজ্য সভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ। সোণোৱালক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব। সোণোৱালে দিছপুৰৰ অসম বিধানসভাত দাখিল কৰিছে মনোনয়ন।৪ অক্টোবৰত অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।
সোমবাৰে নিশা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪৫৩টা মাটিৰ দালালক।গুৱাহাটীৰ পৰা আটক কৰা হৈছে ২২ টা মাটিৰ দালালক।ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিও মাটিৰ দালালৰ অভিযোগত আটক হৈছে।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এই…
নাৰী দেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী বিষয়া ।কমলুদ্দিন আহমেদ নামৰ মহানগৰীৰ বশিষ্ঠৰ আৰক্ষী বিষয়াৰ ঘৰত উৎখাত নাৰী দেহ চক্ৰ।লগতে উদ্ধাৰ হৈছে এডাল কেকো সাপ।স্থানীয় লোকৰ অভিযোগ দীর্ঘদিন ধৰি বিষয়া জনৰ ঘৰত চলাই আছে নাৰী দেহৰ ব্যৱসায়।
নিচাযুক্ত দ্ৰব্য খুৱাই এজন যুৱকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ধন। যুৱকজনক মাৰধৰ কৰি দুৰ্বৃত্তই কাঢ়ি নিলে চাইকেলো।সংকটজনক অৱস্থাত হাবিৰ মাজৰ পৰা আৰক্ষী আৰু স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰে।মুমূৰ্ষু অৱস্থাত যুৱকজনক আৰক্ষীয়ে ভৰ্তি কৰে চিকিত্সালয়ত।
ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। কামৰূপ জিলাৰ ৰাণীত বন্যহস্তীৰ উপদ্ৰৱ। আন্ধেৰীজুলিত হাতীৰ গচকত এজনৰ মৃত্যু।নিহত যুৱক জনৰ নাম ৰাজীৱ বড়ো।
আজিৰ পৰা আৰম্ভ হ'ল দশম শ্ৰেণীৰ পাঠদান।প্ৰতিটো শ্ৰেণীকোঠাত থাকিব ৩০জনকৈ ছাত্ৰ–ছাত্ৰী।ছেনিটাইজেশ্যন কৰা হ’ল বিদ্যালয়ৰ শ্ৰেণীকোঠা। পৰ্যায়ক্ৰমে খুলিব আন আন শ্ৰেণীসমূহো।
গুৱাহাটীৰ এপল’ হাস্পতালত উত্তেজনা।ভুল চিকিৎসাৰ বলি হৈ এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ।মৃত ৰোগীৰ আত্মীয়ই হাস্পতাল চৌহদত সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ।হাস্পতাল কৰ্তৃপক্ষই অত্যাধিক ধন সংগ্ৰহ কৰাৰ অভিযোগ পৰিয়ালৰ।
গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ আজি ৭৮ সংখ্যক জন্ম দিৱস। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰ দিনটোতে জন্ম ৰাণাদাৰ। সমগ্ৰ ৰাজ্যই আজি শ্ৰদ্ধাৰে স্মৰণ জয়ন্ত হাজৰিকাক।গুৱাহাটী চানমাৰিস্থিত জয়ন্ত হাজৰিকা উদ্যানতো উদযাপন কৰা হল জয়ন্ত হাজৰিকাৰ ৭৬ সংখ্যক জন্ম দিৱস।লগতে…
আজি ৪২ৰ শ্বহীদ দিৱস।১৯৪২ চনৰ আজিৰ দিনটোতে বৃটিছৰ গুলী বুকুপাতি লৈছিল কণকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। গহপুৰত বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে শ্বহীদ দিৱসৰ। পিছে দেশৰ বাবে প্ৰাণ আহুতি দিয়া এইসকল শ্বহীদৰ পৰিয়াল আজি লাঞ্ছিত। চৰকাৰ-প্ৰশাসনে অনুষ্ঠিত কৰা শ্বহীদ দিৱস বৰ্জন…