skip to Main Content

বিশিষ্ট চিকিৎসক,লেখক ডাঃ ভূপেন্দ্র শইকীয়াৰ দেহাৱসান।

বিশিষ্ট চিকিৎসক,লেখক ডাঃ ভূপেন্দ্র শইকীয়াৰ বিয়োগ ৷ ক’ভিডত আক্ৰান্ত ডাঃ শইকীয়া চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি ল'বলগীয়া হয়। মে’ মাহত ডাঃ শইকীয়াৰ দেহত ধৰা পৰিছিল মাৰাত্মক ভাইৰাছৰ উপস্থিতি৷ ইয়াৰ পাছতেই তেওঁক মহানগৰীৰ হেল্থচিটী হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে কালি মাজনিশা…

Read More

পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্হ্য বিভাগৰ এক বিশেষজ্ঞ কমিটি গঠন!

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৰ বিশেষ মন্তব্য : পৰীক্ষা অনুষ্ঠিত কৰাক লৈ স্বাস্হ্য বিভাগে গঠন কৰিছিল এক বিশেষজ্ঞ কমিটি।কমিটিয়ে ইতিমধ্যে প্ৰতিবেদন প্ৰস্তুত কৰিছে । কমিটিৰ প্ৰতিবেদনে নিৰ্ণয কৰিব কি পদ্ধতিত পৰীক্ষা অনুষ্ঠিত হব।আমাৰ প্ৰধান চৰ্ত হব কোন জিলাত কিমান আক্ৰান্ত হৈছে…

Read More

নগাঁও–কাছাৰ কাগজ কল নিলামৰ বিৰুদ্ধে ৰাজ্যজুৰি বিক্ষোভ।

কাছাৰ–নগাঁও কাগজ কল নিলামৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্রতিবাদী কার্যসূচী গ্ৰহণ কৰিলে শ্রমিক সংগঠনসমূহে ৷ আই এন টি ইউ চি, চি আই টি ইউ, এ আই টি ইউ চি, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি…

Read More

অসমৰ জলপথত শীঘ্রে চলিব ৰোপেক্স জাহাজ।

অসমৰ বাবে ৰ’–ৰ’ জাহাজ সুবিধাজনক নহয়। ব্রহ্মপুত্রত সুচলভাৱে চলাচল কৰিবৰ বাবে উপযোগী নহয় ৰ’–ৰ’ জাহাজ৷ সেইবাবে অসমলৈ অনা আটাইকেইখন ৰ’–ৰ’ জাহাজ ওভতাই দি অসম চৰকাৰে ৰোপেক্স জাহাজ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কামৰূপ জিলাৰ চাংসাৰিত থকা ভাৰতীয় খাদ্য নিগমৰ গুডাম পৰিদর্শন…

Read More

বৃদ্ধি হ’ল অসমৰ বনকৰ্মীৰ মাহিলী ৰেচন ভাট্টা।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে বনকৰ্মীৰ মাহিলী খাদ্য ভাট্টা বৃদ্ধি । মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কাজিৰঙাত উপস্থিত হৈ বনকৰ্মীয়ে মাহিলী খাদ্যভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল ড° হিমন্ত বিশ্ব শৰ্মাই।…

Read More

পুনৰ মহানগৰীত ৫০ লাখৰ ড্ৰাগছ জব্দ গুৱাহাটী আৰক্ষীৰ!

পুনৰ ৫০ লাখৰ ড্ৰাগছ জব্দ গুৱাহাটী আৰক্ষীৰ ৷ উৎখাৎ ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক। বিগত এটা নিশাৰ ভিতৰতে DCP Central ৰ Special Operation Group এ জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ৫০ লাখ টকাৰ ব্ৰাউন ছুগাৰ ৷ গুৱাহাটীৰ গীতানগৰ, আৰু গান্ধীবস্তিৰ লগতে বাইহাটাৰ…

Read More

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া!

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া। ১৫ জুনলৈ বাহাল থাকিব স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা। তাৰ পিছৰ পৰ্যায়ৰ বাবে চিন্তা- চৰ্চা কৰি থকা হৈছে।যিবোৰ জিলাত পৰিস্থিতি উন্নত হোৱাৰ দিশে আগবাঢ়িছে সেই জিলাসমূহত কিছু শিথিলতা অনা হব। মুখ্যমন্ত্ৰীয়ে সকলো কথা দুই এদিনতে ঘোষণা কৰিব।…

Read More

GMCH ত ধৰা পৰিল নকল পেচমেকাৰ।

ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে ফার্মাচীত নকল ঔষধ, পেচমেকাৰ বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত পোহৰলৈ আহিছে নকল পেচমেকাৰ বিক্রী কৰাৰ তথ্য ৷ জি এম চি এইচ চৌহদত থকা মেছার্চ ৰ’দালি ড্রাগ্ছ নামৰ ফার্মাচীখনত…

Read More

কাইলৈৰ পৰা কাৰ্যালয়লৈ নিয়মিতভাবে যাব লাগিব চৰকাৰী কৰ্মচাৰী।

কাইলৈৰ পৰা নিয়মিতভাবে কাৰ্যালয়লৈ যাব লাগিব চৰকাৰী কৰ্মচাৰীসকল। ক’ভিড ভেকচিনৰ দ্বিতীয় ড’জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী কাইলৈৰ পৰা নিয়মিত ভাবে যাব লাগিব কাৰ্যালয়লৈ। আজি ৰাজ্য চৰকাৰে এই সন্দৰ্ভত জাৰী কৰিছে এক নিৰ্দেশনা।

Read More

ৰাজধানী চহৰ মহানগৰীৰ মাজমজিয়াত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ!

ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। ৰাজধানী চহৰ মহানগৰীৰ মাজমজিয়াত নিশা বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ। নিশা প্ৰায় ১:৩০ বজাত বশিষ্ঠৰ বিজয়পুৰ এঘৰ লোকৰ ঘৰত প্ৰৱেশ কৰে এটা প্ৰকাণ্ড বনৰীয়া হস্তীয়ে। ৰবি চিনহাৰ ঘৰত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই বনৰীয়া হাটীটোৱে। কথমপী…

Read More
Back To Top