অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় এক সংবাদমেল।লিখিত পৰীক্ষাৰ চেন্টাৰ আছিল…
IIT গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু
আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু। মৃত ছাত্ৰজনৰ নাম প্ৰশান্ত কুমাৰ আৰুখা। ছাত্ৰজনৰ ঘৰ উৰিষ্যাত। আই আই টি গুৱাহাটীৰ কপিলী হোষ্টেলত বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষণাৰ ছাত্ৰ আছিল আৰুখা। বৰ্তমান ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ ছাত্ৰজনৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।