Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
আজি বিজেপিৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন সমিতিৰ বৈঠক
আজি বিজেপিৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন সমিতিৰ বৈঠক। নিশা ৭ বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহত হ’ব এই বৈঠক। বৈঠকত চূড়ান্ত হ’ব বিজেপিৰ প্ৰাৰ্থী পেনেল। থাওৰাত সুশান্ত বৰগোঁহাই, মৰিয়ণীত ৰূপজ্যোতি কুৰ্মী, ভৱানীপুৰত ফণীধৰ তালুকদাৰ হ’ব বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী। UPPLক বিজেপিয়ে এৰি দিব গোঁসাইগাঁও, তামোলপুৰ। প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে নাপায় তামোলপুৰৰ টিকট। নিশা আঠ বজাত বিজেপিৰ আন এখন বৈঠক অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ বাসগৃহত। উপনিৰ্বাচনৰ সমষ্টি পৰ্যবেক্ষকৰে হ’ব এই বৈঠক।