The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ’ল কন্দৰ্প দাসক।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অপসাৰিত কৰা হ’ল কন্দৰ্প দাসক।মঙলবাৰে দাসক অপসাৰণৰ সিদ্ধান্ত ল’লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে।IDOL কেলেংকাৰীৰ মূল অভিযুক্ত ৰূপে চিহ্নিত হৈছিল কন্দৰ্প দাস।পাঠ্যক্ৰম ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত নোহোৱাকৈয়ে অন্তৰ্ভুক্ত কৰিছিল আইডলত।কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছিল এই তথ্য।ছাত্ৰ-ছাত্ৰীৰ পৰা অস্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমৰ বাবদ সংগ্ৰহ কৰিছিল ৪০ কোটিৰো অধিক ধন।কন্দৰ্প দাসৰ কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈ গঠন কৰা হৈছিল আয়োগ।অসম আৰক্ষী প্ৰাক্তন বিষয়া পল্লৱ ভট্টাচাৰ্যই এই সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দিছিল।তাৰপাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰে এই সিদ্ধান্ত।এই কেলেংকাৰীৰ বাবেই কন্দৰ্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাও অপসাৰিত কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।