Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
গোসাইগাঁওত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
গোসাঁইগাঁৱত আজি অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা৷ গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজেপিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, পূৰ্বতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি টকা দি ল’ব লাগিছিল। এতিয়া আৰু সেইবোৰ নহ’ব। কোনোবাই এক টকা ল’লেও মাটিৰ দালালক যেনেদৰে জে’লত ভৰোৱা হৈছে সেইদৰে জে’লত ভৰোৱা হ’ব। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে নৱেম্বৰ মাহৰ পৰা তিনিটা কিস্তিত মাইক্ৰ’ফাইনেঞ্চ লোৱা এঘাৰ লাখ মহিলাৰ ঋণ চৰকাৰে ঘূৰাই দিব। এই সিদ্ধান্ত চৰকাৰে লৈছে।