Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
জালুকবাৰীত আটক দুই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী
ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ অভিযান। শুকুৰবাৰে পুৱাই মহানগৰীত পশ্চিম গুৱাহাটী আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ SOG, ক্ৰাইম ব্ৰাঞ্চ তথা জালুকবাৰী আৰক্ষী চকীৰ এটা দলে অভিযান চলায়। অভিযানত জালুকবাৰী ৰে’লৱে ফ্লাই অভাৰৰ সমীপত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ছবোৰ মিয়া আৰু ৰুবিয়া খাতুন। ডিমাপুৰৰ পৰা AS01M6144 নম্বৰৰ পাচলি কঢ়িয়াই অনা ডি আই বাহনৰে গুৱাহাটী লৈ আনিছিল ড্ৰাগছখিনি। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য কেইবালক্ষাধিক টকা বুলি জানিব পৰা গৈছে।