A criminal has succumbed to his injuries after facing the heat of angry locals at…
ডিজিটেল অসম সাহিত্য সভা
এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’ব অসম সাহিত্য সভাৰ বিভিন্ন বা–বাতৰি। দেওবাৰে অসম সাহিত্য সভা ভৱনত মুকলি কৰা হ’ল ডিজিটেল প্লেটফৰ্ম।আপুৰুগীয়া গ্ৰন্থ, মূল্যৱান আলোচনা উপলব্ধ হ’ব ৱেবছাইটযোগে । সাধুকথা, নানা বিভিন্ন গ্ৰন্থও ডিজিটেল কৰাৰো পদক্ষেপ ।এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেলো মুকলি কৰা হয় । সাহিত্য সভাৰ বা-বাতৰি, পুতলা নাচ আদি উপলব্ধ হ’ব ইউটিউব চেনেলত । এই অনুষ্ঠানত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ ভৱেশ চন্দ্ৰ গোস্বামী, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে য়াদব, জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, জাৰিৰ হুছেইন লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।