A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনৰ তদন্তৰ বাবে পাঁচজনীয়া সমিতি গঠন কৰে
যোৱা ৫ জানুৱাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱ ভ্ৰমণ কৰাৰ সময়ত কৃষক প্ৰতিবাদৰ বাবে তেওঁৰ কনভয় পথৰ মাজতে আৱদ্ধ হৈ পৰা ঘটনাটোৱে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন হোৱা বুলি অভিযোগ উত্থাপন হৈছিল।এই সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে তদন্তৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰি দিছে। এই সমিতিৰ নেতৃত্ব দিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দু মালহোত্ৰাই।ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু পঞ্জাৱ আৰক্ষীৰ বিষয়াসকল তদন্তৰ অংশ হ’ব বুলিও উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে।