On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
বাংলাদেশৰ ঘটনাৰ বিৰুদ্ধে হাইলাকান্দিত উত্তাল প্ৰতিবাদ
বাংলাদেশত দুৰ্গা প্ৰতিমা ধ্বংসৰ বিৰুদ্ধে আজি হাইলাকান্দিত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদৰ সদস্যসকলে। পুৱা ১০ বজাত হাইলাকান্দি নগৰত এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ভি এইচ পি সদস্যসকলে। হাইলাকান্দি নগৰৰ অদি কালী মন্দিৰৰ পৰা আৰম্ভ হয় এই সমদল। নগৰৰ প্ৰধান প্ৰধান ৰাজপথ প্ৰদক্ষিণ কৰি এই সমদলে সামৰণি মাৰে স্থানীয় নেতাজী পইণ্ট চাৰিআলিত। পিছত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ বাংলাদেশৰ সংখ্যালঘু সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে প্ৰতিবাদকাৰীসকলে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।