The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
বোকাজানত পুনৰ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ
বোকাজানত পুনৰ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ। বোকাজানৰ খটখটিত জব্দ ৩৫.১০ গ্ৰাম হেৰ’ইন। খটখটি নাকা তালাচীত ৩ টা চাবোনৰ বাকচত জব্দ হয় ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা অসমলৈ আহি থকা অৱস্থাতে AS01 GC 6628 নম্বৰৰ বাছখনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি। ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰবুল ইছলাম নামৰ এজনক আটক খটখটি আৰক্ষীৰ। ধৃত ৰবুলৰ ঘৰ মৰিগাঁওৰ মৈৰাবাৰীত।