skip to Main Content

মহানগৰত আবদ্ধ এটা হাতী।

  • Assam


মহানগৰত আবদ্ধ এটা হাতী।খাদ্যৰ সন্ধানত বিচৰণ কৰি থকাৰ সময়তে আবদ্ধ হৈ পৰে পিতনিত।স্থানীয় লোকে উদ্ধাৰৰ ব্যৱস্থা কৰে যদিও ব্যৰ্থ হয়। কেইদিনমান পূৰ্বৰে পৰা অৰণ্যৰ পৰা ওলাই আহি আছিল কেইবাটাও হাতী, পুনৰ অৰণ্যলৈ উভতি গৈছিল যদিও এইবাৰ পিতনিত পৰি কটকীপাৰাত আবদ্ধ হৈ পৰে হাতীটো।গড়ভাঙা বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো। ৭–৯ বছৰীয়া হাতীটো কটকীপাৰাৰ পিতনিত পৰি থকা অৱস্থাত পুৱতিনিশা প্ৰত্যক্ষ কৰে স্থানীয় লোকে জানিবলৈ দিয়া মতে নিশা ৩ মান বজাত পাহাৰৰ পৰা নামি আহিছিল।ইতিমধ্যে স্থানীয় লোকে হাতীটোলৈ কলগছ আদি খাদ্যৰ ব্যৱস্থা কৰিছে।

Back To Top