Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
মূল্যবৃদ্ধিয়ে কুঙা কৰা জনতাক আকৌ এবাৰ মাধমাৰ দিবলৈ সাজু অসম চৰকাৰ
নতুন বছৰত বৃদ্ধি পাব সকলো শ্ৰেণীৰ বিদ্যুৎ মাচুল। মাচুল বৃদ্ধি কৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড -এ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰে। প্ৰতি ইউনিটত বৃদ্ধি পাব নূন্যতম ২ টকাকৈ মাচুল। জীৱন ধাৰা আঁচনিত প্ৰতি ইউনিট বিপৰীত বৃদ্ধি পাব ১.৭৫ টকাকৈ মাচুল। জীৱন ধাৰা ফিক্সড চাৰ্জ ২০ পৰা ৪০ টকা লৈ বৃদ্ধি। ঘৰুৱা সংযোগত ফিক্সড চাৰ্জ ২৫ টকালৈ বৃদ্ধি লগতে বৃদ্ধি কৰা হ’ব বাণিজ্যিক সংযোগ চাৰ্জ ২০ টকালৈ, কৃষি সংযোগ চাৰ্জ ২৫ টকালৈ। নীয়ামক আয়োগৰ শোনানীৰ পিছতে ১ এপ্ৰিল পৰা প্ৰযোজ্য হ’ব নতুন বিদ্যুৎ মাচুল। উল্লেখ্য যে ২০২০-২১ বৰ্ষত APDCLৰ ৯৭৩.৪৯ কোটি টকা লোকচান হোৱাৰ বাবেই এই হাৰত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছে।