A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
লতা মংগেশকাৰ আৰু নাই,৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে
কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। শেহতীয়াকৈ আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল গায়িকাগৰাকীক । আজি পুৱাৰে পৰা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক লাইফ ছাপ’ৰ্ট ছিষ্টেমত ৰখা হয়।লতা মংগেশকাৰক কোৰোণাত আক্ৰান্ত হোৱাৰ লগতে নিউমোনিয়াৰ বাবে ৮ জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে।