Three Wushu players from Itanagar's Sangay Lhaden Sports Academy (SLSA) have reached a significant milestone…
লাভলীনা বৰগোহাঁয়ে অৱশেষত স্পৰ্শ কৰিলে সন্মানীয় পদক অৰ্জুন বঁটা।
বক্সাৰ লাভলীনা বৰগোহাঁইক অৰ্জুন বঁটা প্ৰদান।লাভলীনা বৰগোহাঁয়ে বিশ্ব বক্সিং আৰু কমনৱেলথ গেমছত দেখুৱা পাৰদৰ্শিতাৰ বাবে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল খেলৰ সন্মানীয় অৰ্জুন বঁটা।সেই সময়ত ক’ভিডৰ বাবে ভিডিঅ’ কনফাৰেন্সত থাকিয়েই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা লাভলীনাই গ্ৰহণ কৰিছিল অৰ্জুন বঁটা।ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাত সোমবাৰে দেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ পৰা নতুন দিল্লীৰ হোটেল অশোকত অৰ্জুন বঁটা গ্ৰহণ কৰে।