On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
২৪ ঘণ্টাৰ ভিতৰতে লাভ একাউণ্টৰ পৰা হৰলুকি হোৱা ৩৫ লাখ টকা
অসম আৰক্ষীৰ তৎপৰতাত হেৰুওৱা ধন ঘুৰাই পালে ড০ অংকুৰ হাজৰিকা নামৰ এজন ব্যক্তিয়ে।অংকুৰ হাজৰিকাৰ এছ বি আই একাউণ্টৰ পৰা হৰলুকি হৈছিল ৩৫ লাখ টকা।এই বিষয়ে হাজৰিকাই পাণবজাৰ আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ।ইয়াৰোপৰি চি আই ডিৰ হেল্পলাইন নম্বৰ ১৫৫২৬০ ৰ জৰিয়তেও দাখিল কৰিছিল অভিযোগ।ইয়াৰ পিছতে আৰক্ষীৰ তৎপৰতাত ২৪ ঘণ্টাৰ পিছতে ভুক্তভোগী ড০ হাজৰিকাই বেংক একাউণ্টত লাভ কৰে সমুদায় ধন।
উল্লেখ্য যে বেংক একাউণ্টৰ পৰা ধন হৰলুকি হোৱাৰ অভিযোগ দাখিল কৰিবলৈ আৰক্ষীয়ে পূৰ্বে মুকলি কৰিছিল চি আই ডিৰ এটা হেল্প লাইন নম্বৰ।২৪ ঘণ্টাৰ ভিতৰত ১৫৫২৬০ হেল্পলাইন নম্বৰৰ জৰিয়তে অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল অসম আৰক্ষীয়ে।