Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ৰাজ্যত পুনৰ জব্দ ড্ৰাগছ
ৰাজ্যত আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছবিৰোধী অভিযান। ইয়াৰ মাজতে আজি দুপৰীয়া এক তথ্যৰ ভিত্তিত হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিসহ ক্ৰাইম ব্ৰাঞ্চৰ দলে ডনবস্ক’ স্কুলৰ সমীপত অভিযান চলাই হেৰ’ইনভৰ্তি তিনিটা চাবোনৰ বাকচ জব্দ কৰে। জব্দকৃত হেৰ’ইনৰ বজাৰ মূল্য আনুমানিক দুই লাখ হ’ব বুলি জানিব পৰা গৈছে। লগতে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দেৱজিত চক্ৰৱৰ্তী নামৰ এজন লোকক। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীক।