Skip to content
Education Department

শিক্ষা বিভাগত বৃহৎ সালসলনি

কেবিনেটত শিক্ষা বিভাগক লৈ বৃহৎ সালসলনি। চৰকাৰী বিদ্যালয়ত নাথাকিব ল'ৰা আৰু ছোৱালীৰ পৃথক বিদ্যালয়। তাৰোপৰি তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু ইংৰাজী বিষয় ইংৰাজী মাধ্যমত অধ্যয়ন কৰিবলৈ লাগিব।

Read more
scooty

স্কুটি বিচাৰি ভাগিনীৰ প্ৰতিবাদ

ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাগিনৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকত প্ৰথম শাখাত উত্তীৰ্ণ হোৱা ভাগিনীসকলক স্কুটি দিম বুলি বিভিন্ন সংবাদ মাধ্যম আৰু বিদ্যালয় ভ্ৰমণত কোৱা হৈছিল। কিন্তু বৰ্তমান এই স্কুটিৰ সম্পৰ্কে কোনো বিতংকৈ জনাই নিদিয়াৰ ফলত প্ৰতিবাদৰ পথ বাছি লৈছে…

Read more

মৰিগাঁওত আটক জেহাদীৰ লিংকমেন

মৈৰাবাৰীৰ পাছত এইবাৰ মৰিগাঁওত আটক জেহাদীৰ লিংকমেন। কম্পিউটাৰ দোকান খুলি অব্যাহত ৰাখিছিল জেহাদীৰ কাৰ্যকলাপ। আটক কৰা ব্যক্তিজনৰ নাম আফছাৰুদ্দিন।

Read more
Ajanta Neog effigy

অজন্তা নেওগৰ প্ৰতিকৃতি দাহ

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত আজি গুৱাহাটী ৰাজীৱ ভৱনত অজন্তা নেওগৰ প্ৰতিকৃতি দাহ। গোলাঘাটৰ মহিলা নিৰ্যাতনৰ বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিকৃতি দাহ কৰে। উল্লেখযোগ্য যে প্ৰতিবাদী দলটোৰ নেতৃত্ব বহন কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।

Read more
Jihadi

ৰাজ্যত সক্ৰিয় আছে জেহাদী চক্ৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰীত আটক জেহাদীৰ লিংকমেন। মুফটি মুস্তাফা নামৰ এজন জেহাদীৰ লিংকমেন আটক কৰে আৰক্ষীয়ে। মৈৰাবাৰীত এখন মাদ্ৰাছা চলাই আছিল লিংকমেনজনে।

Read more
Assam Flood

বানৰ ফলত ক্ষতিগ্ৰস্ত দক্ষিণ শালমাৰাৰ কৃষক

ৰাজ্যৰ প্ৰথমটো বানত দক্ষিণ শালমাৰা - মানকাচৰ জিলাৰ ৯৪খন গাঁৱৰ কৃষক বিপুল ক্ষতিগ্ৰস্ত। প্ৰায় ৪৪০০ কৃষক পৰিয়ালৰ ১০৯৭ হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি। উল্লেখযোগ্য যে বানবিধস্ত অঞ্চল কেইটাৰ লোকসকল মুলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল।

Read more
Ripun Bora

গুৱাহাটী ক্লাৱত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

মহানগৰীৰ গুৱাহাটী ক্লাৱত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। দৈনন্দিন ব্যৱহার্য সামগ্ৰীত GST আৰোপ কৰা আৰু মূল্যবৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অনুষ্ঠিত হৈছে প্ৰতিবাদী কাৰ্যসূচী।

Read more

প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’ৰ দেহাৱসান

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ৰ মংগলবাৰে নিশা ১:১৫ বজাত মৃত্যু হয়। কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। তেখেত ১৯৯১-২০০৬ লৈকে হোজাইৰ বিধায়ক আছিল।

Read more

শেষ হ’ল ছাত্ৰ ছাত্ৰীৰ গৰম বন্ধ

২৫ জুলাইলৈকে গৰমৰ বন্ধ ধার্য কৰিছিল ৰাজ্য চৰকাৰে। আজিৰ পৰা পুনৰ খুলিলে ৰাজ্যৰ বিদ্যালয়সমূহ। পুনৰ ন-উদ্যমেৰে বিদ্যালয়লৈ গৈছে ছাত্ৰ ছাত্ৰীসকল।

Read more

স্থানান্তৰ হ’ব কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ যো-জা আৰম্ভ। ইতিমধ্যে উপায়ুক্ত কাৰ্যালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ শাখা হেঙেৰাবাৰী খাদী হাটলৈ স্থানান্তৰ কৰা হৈছে। ৰূপ নগৰত স্থাপন হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয়।

Read more
Back To Top