Astha Choudhury representing the Railways Sports Promotion Board (RSPB), a talented swimmer from Assam, secured…
অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ, ভাৰতত বৰ্তমানলৈকে ৫৭৮জন লোক সংক্ৰমিত
দেশৰ ১৬খনতকৈয়ো অধিক ৰাজ্যত বৰ্তমানলৈকে অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। এতিয়ালৈকে দেশত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পাইছে। অমিক্ৰন সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ। ৰাজধানী দিল্লীৰ লগতে কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটতো প্ৰতিদিনে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে অন্যান্য নীতি–নিৰ্দেশনা কঠোৰ কৰি তোলা হৈছে।