Skip to content

আজি কাতি বিহু।

আজি কাতি বিহু। এই বিহুৰ সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। আজি ৰাজ্যজুৰি উদযাপিত হ’ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু।চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি বন্তি। কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ। কৃষিজীৱি ৰাইজে সেউজীয়া পথাৰত এগছি বন্তি জ্বলাই অদৃশ্য জনৰ প্ৰতি প্ৰণিপাত জনাই ভৰসা আৰু অফুৰন্ত আত্মতৃপ্তিৰ সুখ লাভ কৰে।এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু।

Back To Top