Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনক হিংসা
কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক হিংসা।সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা।উদণ্ড ছাত্ৰই ভাঙি লণ্ডমভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী।হোষ্টেলৰ খাদ্যগৃহৰ লগতে ৰান্ধনীগৃহত চলালে উপদ্ৰব।এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত ছাত্ৰক জি এম চিলৈ প্ৰেৰণ কৰা হয়।উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱানলৈও শিলগুটি নিক্ষেপ একাংশৰ।