Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
ক’ভিডৰ নতুন SOP,ভেকচিন নোলোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ,কাইলৈৰ পৰা বন্ধ থাকিব বিদ্যালয়
ক’ভিডৰ নতুন SOPক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেল।
নিশা ১০ বজাৰ পুৱা ৬ বজালৈকে থাকিব কাৰ্ফিউ।নিশা ৯.৩০ বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ।
১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ। চিটী বাছ, মটৰচাইকেলত কেৱল দুটা ভেকচিন লোৱা সকলেহে উঠিব পাৰিব। শ্বপিং মল, হোটেল সকলোতে কেৱল দুটা ভেকচিন লোৱাসকলহে যাব পাৰিব।এই নিয়ম ভংগ কৰিলে কৰ্তৃপক্ষই ২৫ হাজাৰ টকা জৰিমনা ভৰিব লাগিব ।
ৰাজ্যত খোলা থাকিব আন্তঃজিলা যাতায়াত। কাৰ্ফিউ সময়তো চলিব পাৰিব নৈশ বাছ। সকলো যাত্ৰী দুটা ভেকচিন লোৱা হ’ব লাগিব। চিটি বাছতো ১০০ শতাংশ যাত্ৰীৰ অনুমতি। কিন্তু সকলো যাত্ৰী দুটা ভেকচিন লোৱা হ’ব লাগিব। থিয় হৈ যাব নোৱাৰিব যাত্ৰী। অটোত দুটা ভেকচিন লোৱা ৩ জন যাত্ৰী উঠিব পাৰিব। নিয়ম ভংগ কৰিলে বাহনৰ গৰাকীয়ে ভৰিব লাগিব ২৫০০০ জৰিমনা।
মাঘৰ বিহুত নিশা ১০ বজালৈকেহে থাকিব পাৰিব ভেলাঘৰত। পিছদিনা পুৱা ৬ বজাত জ্বলাব পৰিব মেজি। অৱশ্যে নিজৰ ঘৰত হ’লে ১০ বজাৰ পিছতো থাকিব পাৰিব।
কাইলৈৰ পৰা বন্ধ থাকিব প্ৰথমৰ পৰা পঞ্চম মানৰ পাঠদান।গুৱাহাটীত অষ্টম মানলৈ বন্ধ থাকিব পাঠদান ।নৱমৰ পৰা একাদশ শ্ৰেণীলৈ সপ্তাহত তিনি দিনকৈ চলিব পাঠদান।৩০ জানুৱাৰীলৈ প্ৰজোয্য হ’ব এই নিয়ম।দ্বাদশ শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত চলিব নিয়মীয়া পাঠদান।